পহিলা বহাগত বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ
জালুকবাৰী ,১৭ এপ্ৰিল : অসম সাহিত্য সভাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শাখা- প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও পহিলা বহাগৰ দিনা সমাজৰ কিছু বৰেণ্য ব্যক্তিক বিহুৱা সম্ভাষণ জ্ঞাপন কৰা হয় । প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডঃ সিদ্ধাৰ্থ নয়ন শৰ্মা আৰু কাৰ্যনিৰ্বাহক সদস্য অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাৰ নেতৃত্বত যোৱা সভাৰ এটা সজাতি দলে শাস্ত্ৰীয় সংগীতৰ জীৱনজোৰা সাধনাৰে নীৰৱে অসমৰ সংগীতৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি যোগোৱা মঞ্জুলিকা হাজৰিকা , বিশিষ্ট শিক্ষাবিদ, যশস্বী প্ৰাণীবিজ্ঞানী অধ্যাপক পৰিমল ভট্টাচাৰ্য, বিশিষ্ট গৱেষক শিক্ষাবিদ তথা খ্যাতিসম্পন্ন পদাৰ্থ বিজ্ঞানী অধ্যাপক দিলীপ কুমাৰ চৌধুৰী, প্ৰবীণ ভাষাতত্ববিদ, গৱেষক, যশস্বী শিক্ষাবিদ অধ্যাপক দীপক সেন, জনপ্ৰিয় শিক্ষাবিদ, সমাজ কৰ্মী অধ্যাপক আব্দুল মতিনক তেঁওলোকৰ ঘৰলৈ গৈ সম্ভাষণ জ্ঞাপন কৰে । আটাইকেইজন বৰেণ্য ব্যক্তিক প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ প্ৰদান কৰি আটাইৰে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰা হয় ।