অসমত ধুমুহা, বৰষুণৰ সম্ভাৱনা!
বহাগ বিহু পাৰ হোৱাৰ পাছতো যেন বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা পৰ্ব শেষ হোৱা নাই। যাৰ বাবে বহাগ বিহুৰ আগে – পাছে অহা ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত ঘৰ – দুৱাৰ ভাঙি ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। আনহাতে বিগত ২৪ ঘণ্টাত বৰষুণ অহাৰ লগতে ডাৱৰীয়া বতৰৰ বাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনি কমি যোৱাত সাধাৰণ ৰাইজে গৰমৰ প্ৰকোপৰ পৰা কিছু সকাহ পাইছে। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত শনিবাৰে দিনৰ ভাগত সৰ্বাধিক তাপমাত্ৰা আছিল ৩০.৭ চেলচিয়াছ। একে সময়তে বিগত ২৪ ঘণ্টাত মাজে – সময়ে বৰষুণ আহি থকা বাবে ৰাজ্যৰ বেচিভাগ ঠাইতে তাপমাত্ৰা স্বাভাবিকতকৈ ২ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত নামি গৈছে। ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ২৪ ঘণ্টাত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কম বেছি পৰিমাণে আৰু কিছু অঞ্চলত ধাৰাষাৰ বৰষুণ হৈছে। শনিবাৰে সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত অসমৰ গোলাঘাট জিলাৰ বৰপথাৰত অভিলেখ বৰষুণৰ ১৩ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। একে সময়চোৱাত সৰ্বাধিক পৰিমাণৰ বৰষূণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত হোৱা আৰু মৌচিনৰামত হোৱা বৰষূণৰ পৰিমাণ ১২ চেণ্টিমিটাৰ আছিল ১২০ মিলিমিটাৰ বা ১২ চেণ্টিমিটাৰ। আনহাতে বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ হোৱা বৰষুণৰ পৰিমাণ আছিল ২ চেণ্টিমিটাৰ। অসমৰ বেচিভাগ অঞ্চলতে ১ ৰ পৰা ৩ চেণ্টিমিটাৰ পৰিমাণৰ আৰু কিছু কিছু অঞ্চলত ৩ ৰ পৰা ৫ চেণ্টিমিটাৰ পৰিমাণৰ বৰষূণ হৈছে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰি বা পাঁচটা দিনত ৰাজ্যৰ বেচিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু কিছু কিছু ভিতৰুৱা বা সীমান্তবৰ্তী অঞ্চলসমূহত গাজনী , ঢেৰেকনীৰ সৈতে ধুমুহা বতাহ আহিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে। আনকি কিছু কিছু অঞ্চলত ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ আহিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে।