২০২৬ত ভাৰতত চলিব প্ৰথমখন বুলেট ট্ৰেইন। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈঞ্চৱে এই কথা প্ৰকাশ কৰি কয় যে আহমেদাবাদ-মুম্বাই পথত এই ৰে’লখন চলিব।
এই পথছোৱাৰ ২৯০ কিলোমিটাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বাকী অংশৰ কাম অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি তেওঁ উল্লেখ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৭ চনৰ পৰা বুলেট ৰে’ল প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল।