গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ইণ্ডিগো এয়াৰলাইনছৰ যৌথ উদ্যোগত বিমানবন্দৰৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদত বুধবাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য বিষয়ত সজাগতা সৃষ্টিৰ লগতে বিমানবন্দৰত ব্যস্ত হৈ থকা কৰ্মচাৰী সকলক স্বাস্থ্য পৰীক্ষাৰ এটা সুযোগ দিয়াই এই শিবিৰৰ লক্ষ্য। আনহাতে মুখ্য চিকিৎসক ডাঃ সোমাধৰ চৰকাৰ আৰু ডাঃ নব্যেন্দু সিনহাৰ নেতৃত্বত, এপ’ল’ৰ চিকিৎসকৰ এটা দলে এই স্বাস্থ্য শিবিৰটো পৰিচালনা কৰে। শিবিৰত উপস্থিত সকলোৰে ৰক্তচাপ, মধুমেহ, চকু-পৰীক্ষা আৰু স্বাস্থ্য সেৱাৰ বাবে অপৰিহাৰ্য বুনিয়াদী পৰীক্ষাসমূহ কৰা হয়। চিকিৎসকদ্বয়ে স্বাস্থ্য সেৱা সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ দিয়াৰ উপৰিও কৰ্মচাৰীসকলক ল:ব লগা সাৱধানতা সম্পৰ্কে কেতবোৰ পৰামৰ্শ প্ৰদান কৰে। শিবিৰত ৪০০ৰো অধিক কৰ্মচাৰীয়ে ভাগ লয়। ইফালে শিবিৰত প্ৰথমতেই নিজৰ স্বাস্থ্য পৰীক্ষা কৰি মুখ্য বিমান বন্দৰ বিষয়া উৎপল বৰুৱাই কয়, -‘“স্বাস্থ্য হৈছে পৰম ধন। দিনটো কামত ব্যস্ত হৈ থকা কৰ্মচাৰী সকলৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। সেয়ে শিবিৰত আমাৰ বিমানবন্দৰৰ বহুত কৰ্মচাৰী লাভৱান হ’ব বুলি আশা কৰিব পাৰি । আমি অত্যন্ত সুখী যে ইণ্ডিগো এয়াৰলাইনছে লোৱা এই সু পদক্ষ্যপৰ আমিও অংশীদাৰ হ’ব পাৰিলোঁ।’”