গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটাল ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত যোৱা ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সুন্দৰ ফৰকাল বতৰত হাজাৰ হাজাৰ সাংস্কৃতিকপ্ৰেমী ৰাইজৰ উপস্থিতিত নৱজ্যোতি সংঘ খেলপথাৰত ৩৬ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয়। ২৫ এপ্ৰিলত পূৱা ৮ বজাত পতাকা উত্তোলনৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি কেষ্টৰাম ৰংপীয়ে আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী সুশীল থাপাই। বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন থলুৱা খেল – ধেমালি প্ৰতিযোগিতা মুকলি কৰে সমাজকৰ্মী বিনন ৰংপীয়ে। নিশা সাত বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী মুকলি কৰে সমাজকৰ্মী সত্যজিৎ মণ্ডলে। সিদিনা জনপ্ৰিয় কণ্ঠশিল্পী ফুকন বড়োকে ধৰি কেবাজনো ন – পুৰণি শিল্পীয়ে সংগীত, জনগোষ্ঠীয় নৃত্য শিল্পীৰ দলে নৃত্য প্ৰদৰ্শন কৰে। তেনেদৰে ২৬ এপ্ৰিলত দিনৰ ১০ বজাৰ পৰা বিভিন্ন খেল – ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীপেন ৰংপীয়ে। নিশা সাত বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী মুকলি কৰে সমাজকৰ্মী প্ৰনৱজ্যোতি বৈশ্যই। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীকে ধৰি কেবাজনো ন – পুৰণি শিল্পীয়ে সংগীত আৰু জনগোষ্ঠীয় নৃত্য শিল্পীৰ দলে নৃত্য প্ৰদৰ্শন কৰে। আনহাতে উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সভাপতি বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিয়া মতে দুয়োদিনতে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত হাজাৰ হাজাৰ সাংস্কৃতিকপ্ৰেমী ৰাইজৰ সমাগম হয় যদিও স্থানীয় গড়চুক আৰক্ষী থানাই আইন শৃংখলা ৰক্ষা আৰু যান- বাহন নিয়ন্ত্ৰণ কৰাকে ধৰি সকলো দিশতে সহযোগিতা আগবঢ়াইছিল।