বাৰিষাৰ আগমন, বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালকৈ দেশৰো বিভিন্ন প্ৰান্তত এতিয়া বতৰৰ প্ৰতিকূলতা । বাৰিষাৰ আগমনত প্ৰকৃতিৰ কিছু সংখ্যক সাল-সলনি বাতাবৰণ দেখা পোৱা গৈছে । বাৰিষা আগমূৰ্হূতত দেশৰ লগতে বিশ্ব পৰ্যটকবাসীৰ বাবে দু;খবৰ । হঠাৎ বন্ধ কৰিবলগীয়া হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান । আৰু আজিৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বন্ধ কৰিছে হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং লগতে ৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব জীপ ছাফাৰীও । উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণী আৰু পৰ্যটক সকলৰ সুৰক্ষাৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চলিত বৰ্ষত মানাহ ৰাষ্ট্ৰীয় উদ্যানে ৰাজহ সংগ্ৰহ লাভ কৰে
১ কোটি ২০ লাখ টকাৰ । সূত্ৰ অনুসৰি মানাহত ৫০ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰিছে, ইয়াৰে ১৬০০ গৰাকী হৈছে বিদেশী পৰ্যটক । ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব অহা অক্টোবৰ মাহত । উদ্যানখনত হাতী, বাঘ, গঁড়, মেঠোনকে ধৰি বহুতো জীৱ-জন্তু সংখ্যা বৃদ্ধি হোৱাৰ কথা সদৰি কৰে উদ্যান কৰ্তৃপক্ষই ।