বৰ্তমান সময়খিনি গ্ৰীষ্ম প্ৰবাহৰ সময় । এই গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপত উৎকট গৰমে দহিছে ভাৰতবাসীক । ভাৰতৰ বিভিন্ন কোনত উত্তৰ, মধ্য আৰু পূব ভাৰতত ভয়াৱহ গ্ৰীষ্ম প্ৰবাহ । উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, দিল্লীত বতৰ বিজ্ঞানৰ সতৰ্কবাণী । এই উৎকট গ্ৰীষ্ম প্ৰবাহ ইয়াতে সীমিত নাথাকি ৰাজস্থান, হিমাচল, গুজৰাট, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ডতো জনজীৱনৰ মাজত বিৰলভাৱে দেখা গৈছে গ্ৰীষ্ম প্ৰবাহৰ প্ৰভাৱ । দেশৰ ১৩খন ৰাজ্যত তাপমান ৪০-৪৫ ডিগ্ৰী স্পৰ্শ কৰে বুলি জানিব দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই । ৰাজধানী দিল্লীত তাপমান ৪৭ ডিগ্ৰীৰ অতিক্ৰম । গ্ৰীষ্ম প্ৰবাহৰ সময়ত বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰিছে, বিশেষকৈ বয়োজ্যেষ্ঠ, ৰুগীয়াসকল আৰু শিশুৰ লগতে প্ৰখৰ ৰ’দত কাম কৰাসকলৰ বাবেও সতৰ্কতা জাৰি ।