উৎকট গৰমে দহিছে সমগ্ৰ দেশবাশীক ।যিহেতু দেশত আগমন গ্ৰীষ্মকালৰ ।উৎকট গৰমে দেশৰ এখনৰ পাছত সিখন ৰাজ্যৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে ।উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, দিল্লীৰ লগতে ৰাজ্যতো বতৰ বিজ্ঞানৰ সতৰ্কবাণী । এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কিছুমান সাধাৰণ নিয়ম অৱলম্বন কৰিব পাৰো । উৎকট গৰমৰ পৰা পৰিত্ৰান পাবৰ বাবে তথা গৰমৰ বাবে হ’ব লগীয়া অসুস্থতা পৰা বাছি থাকিবলৈ আমি ঘৰুৱা ভাৱে সতৰ্কতা অৱলম্বন কৰিব পাৰোঁ । সাধাৰণ ভাৱে কিছু সতৰ্কতা অৱলম্বন কৰি থাকিলে আমিও সু-স্বাস্থ্যৰে থকাৰ লগতে ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিব পাৰোঁ । উৎকট গৰমৰ পৰিত্ৰাণ পাবলৈ আমি সাধাৰণতে পাতল, বহল তথা পাতল ৰঙৰ কাপোৰ পিন্ধাটো উচিত । এনে কাপোৰে দেহ শীতল কৰি ৰাখে।আৰু গৰমৰ পৰা হ’ব লগীয়া ডিহাইড্ৰেচনৰ পৰা বাচিবৰ বাবে আমি দৈনিক ৮ৰ পৰা ১০গিলাচ পৰ্যন্ত পানী গ্ৰহণ কৰাটো খুবেই জৰুৰী। আমাৰ দেহত পানীয়ে ডিহাইড্ৰেচন নাইকিয়া কৰে। এনেকুৱা গৰমৰ পৰা বাচিবলৈ আমি নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত থকাটো জৰুৰী । এনেকুৱা গৰমত নিচা সেৱন কৰিলে ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা খুবেই দেখা দিয়ে । যাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাৰ দেখা যায় ।