আমি সকলোৱে কীৰ্তন পুথি, নামঘোষা, শ্ৰীমদ্ভাগৱদ গীতাৰ নাম শুনিছোঁ বা এই পুথি সমূহৰ বিষয়ে নূন্যতম জ্ঞানখিনি আমাৰ আছে । কিন্তু আমাৰ মাজৰে কিমানে জানে খনিকৰ পুথি নামেৰেও যে এভাগ পুথি আছে ?
গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত হৈ আছে মাহাত্ম্যপূৰ্ণ খনিকৰ পুথি ৷
▪️ পৰিচয় :
খনিকৰ পুথিভাগ দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত কীৰ্ত্তন আৰু নামঘোষা দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি ৷ এই দুয়োখন পুথি কাঠৰ বাকচত ৰাখি সংৰক্ষণ কৰা হৈছে ৷
▪️ ইতিহাস :
কঠিত আছে যে মানৰ অসম আক্ৰমণৰ সময়তেই খনিকৰ গাঁও নিৱাসী মণি বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল ৷ মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবিয়ে বননিয়ে পলাই ফুৰিছিল যদিও বৃদ্ধ মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল ৷ এসময়ত মানে গাঁৱৰ সকলোৰে ঘৰৰ স্থাৱৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় যদিও কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায় ৷ পাছত বৰুৱাই টোপোলাটো খুলি তাত ‘কীৰ্ত্তন’, ‘দশম’, ‘নামঘোষা’, ‘ভক্তি ৰত্নাৱলী’ এই চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে ৷ কিছুদিনৰ পিছত ইয়াৰে দশম পুথিভাগ নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তিৰত্নাৱলী পুথিভাগ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায় ৷ বাকী ৰোৱা কীৰ্ত্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে ৷ মণি বৰুৱাৰ মৃত্যুৰ পাছত বংশানুক্ৰমে তেওঁৰ পৰিয়ালে পুথিদুখন সংৰক্ষণৰ দায়িত্ব লয় ৷ খনিকৰ গাঁৱতে সংৰক্ষিত এই পুথি দুখন “খনিকৰ পুথি” হিচাপে জনজাত হ’ল ৷
▪️ পুথিৰ বয়স :
পুথিত উল্লেখিত তাৰিখ, বাৰ শুদ্ধ বুলি গণ্য কৰিলে দুইখন পুথিয়ে ২০২৪ চনত ২৫৬ টা বছৰ সম্পূৰ্ণ কৰা বুলি ক’ব পাৰি ৷
▪️ পুথিৰ বিৱৰণ :
দুয়োখন পুথিতে সূচীপত্ৰ, লিখোতাৰ নাম, ঠিকনা একোৱে উল্লেখ নাই ৷ বকলাত কেৱল ‘যথা দৃষ্টং তথা লিখিতং’ বুলিহে উল্লেখ আছে ৷ খনিকৰ পুথিৰ অন্তৰ্গত ‘কীৰ্ত্তন’ পুথিখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১০৫ ৷ ইয়াৰে দুখিলা বকলা ৷ এই পুথিৰ সাঁচিপাতসমূহৰ দৈৰ্ঘ্য ৪৫ চেঃমিঃ আৰু প্ৰস্থ ১৬ চেঃমিঃ ৷ পুথিখনৰ শেষত “১৬৯০ শকৰ ৫ মাস, ৪ বাৰ, ১ তিথি সমাপ্ত” বুলি লিখা আছে ৷ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ প্ৰায় দুশ বছৰৰ পাছত, ইংৰাজী হিচাপ মতে ১৭৬৮ চনৰ আগষ্ট মাহত খনিকৰ পুথিৰ অন্তৰ্গত ‘কীৰ্ত্তন’ পুথিখন লিখি শেষ কৰা হৈছিল ৷
খনিকৰ পুথিৰ অন্তৰ্গত “নামঘোষা”খনৰ মুঠ পৃষ্ঠা ৫৩ ৷ ইয়াৰ বকলা এখিলা ৷ প্ৰতিটো পৃষ্ঠাৰ দৈৰ্ঘ্য ৩৫ চেঃমিঃ আৰু প্ৰস্থ ১০ চেঃমিঃ ৷ এই পুথিখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধা বা ফুটাৰ ব্যৱস্থাও আছে ৷ পুথিখনৰ শেষত লিখা আছে, ‘১৬৯০ শকৰ মাস ২, বাৰ বুধ ৷ ঘোষা পুস্তকং সম্পূৰ্ণ সমাপ্ত ৷’ অৰ্থাৎ,আগৰ পুথিখনৰ প্ৰায় তিনিমাহৰ আগত এই পুথিখন লিখি শেষ কৰা হৈছিল ৷