ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতেই ৰাজ্যত বস্তুৰ আকাশলংঘী মূল্য বৃদ্ধি। বস্তুৰ অত্যাধিক মূল্যই জ্বলা – কলা খুৱাইছে সাধাৰণ জনতাক। দিনক দিনে বৃদ্ধিপোৱা বস্তুৰ মূল্যই চিন্তিত কৰি তুলিছে ৰাইজক। বজাৰলৈ ওলাই গ’লে মোনা ভৰাই বস্তু আনিব নোৱাৰে সাধাৰণ ৰাইজে। এতিয়া অৰ্ধশতকৰ দিছে আগবাঢ়িছে আলু, পিয়াজৰ মূল্য। কম সময়ৰ ভিতৰত হোৱা বস্তুৰ মূল্যৰ পৰিৱৰ্তনে আচৰিত কৰিছে সাধাৰণ জনতাক । প্ৰতি কেজি আলুৰ মূল্য ২০ৰ পৰা ৪০ টকালৈ বৃদ্ধি । পিয়াজৰ মূল্য ৩০ ৰ পৰা ৪০ টকালৈ বৃদ্ধি। আনহাতে ব্ৰইলাৰৰ কেজি ২৮০ ৰ পৰা ৩০০ টকালৈ বৃদ্ধি । অকল শাক পাচলিয়েই নহয় বৃদ্ধি হৈছে জীৱনডাইনী ঔষধৰ মূল্য । এফালে চৰকাৰে ৰাইজক প্ৰদান কৰিছে বিনামূলীয়া চাউল , অৰুনোদইৰ আঁচনি আনফালে দিনক দিনে বৃদ্ধি কৰিছে বস্তুৰ মূল্য। চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ! কাণসাৰ নাই যোগান বিভাগৰ। বজাৰৰ আলু পিয়াঁজ হৈ পৰিছে সোণৰ টুকুৰা । এনে দৰে বস্তুৰ মূল্য বৃদ্ধি হৈ থাকিলে কি হ’ব খাটি খোৱা ৰাইজৰ অৱস্থা নে পেটত গামোচা মাৰিব লাগিব সাধাৰণ জনতাই ।