দেশত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৫৮টা সমষ্টিৰ ৮৮৯ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । পুৱা 7বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া । ৭ খন ৰাজ্যৰ লগতে এখন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বহু কেইজন ৰথি মহাৰথীৰ ভাগ্য বন্দী হ’ব EVM ত । আজি নিৰ্বাচন অনুষ্ঠিত হৈ থকা 7খন ৰাজ্যৰ ক্ৰমে দিল্লীত 7টা সমষ্টি , হাৰিয়ানাত 10টা , উত্তৰ প্ৰদেশত 14টা, পশ্চিম বংগত 8টা, বিহাৰত 8টা , উৰিষ্যাত 6টা , ঝাৰখণ্ডত 4টা, জম্মু কাশ্মীৰৰ 1টা সমষ্টিৰ বাবে হ’ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ।
নিৰ্বাচন আয়োগৰ সমীক্ষা অনুসৰি দিনৰ ৩ বজালৈ হৈ যোৱা ভোটদান প্ৰক্ৰিয়াত ৪৯.২০% ভোটদান সম্পন্ন হয় । দিল্লী (৪৪.৫৮%) জম্মু কাশ্মীৰ ( ৪৪.৪১%) বিহাৰ (৪৫.২১%) উত্তৰ প্ৰদেশ (৪৩.৯৫%) আৰু ঝাৰখণ্ড (৫৪.৩৪%) এই পৰ্যন্ত চলি আছে ভোটদান প্ৰক্ৰিয়া । দেশত ৫৪৩ খন আসনৰ ভিতৰত ৪৮৬খন আসনৰ ভোটগ্ৰহণ বিয়লি ৫ বজালৈ সমাপ্ত হ’ব । ভাৰতৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত থকা ড° ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ত নিজৰ ভোট প্ৰদান কৰে । এই নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াৰ নিজৰ নিজৰ ভোট প্ৰদান কৰিবলৈ অহা দেখা গ’ল দেশৰ ৰাজনীতিৰ বহুকেইজন নামি দামী নেতা ,তাৰকা আৰু খেলুৱৈক । সেইসকলৰ ভিতৰত আছে ছোনিয়া গান্ধী , ৰাহুল গান্ধী , অৰবিন্দ কেজৰিৱাল, এছ জয়সংকৰ , হাৰ্দীপ সিং পুৰি আৰু গৌতম গম্ভীৰ আৰু মহেন্দ্ৰ সিং ধোনী ।