যেতিয়া বেছিভাগ মানুহেই ৫৫ বছৰ বয়সত অৱসৰ লোৱাৰ পৰিকল্পনা কৰে, তেতিয়া ভোপালৰ উদ্যোগীলৈ পৰিণত হোৱা পৰ্বতাৰোহী জ্যোতি ৰাত্ৰে (৫৫) বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট (৮,৮৪৯ মিটাৰ) আৰোহণ কৰি সমাজখনক আচৰিত কৰি তুলিছে। ২০২৪ চনৰ ১৯ মে’ৰ পুৱা ৬:৩০ বজাত শিখৰত উপস্থিত হৈ এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। শাৰীৰিক আৰু মানসিক সকলো বাধা জয় কৰি জ্যোতিয়ে সপোনক বাস্তৱত পৰিণত কৰিলে, ভাৰতীয় পৰ্বতাৰোহণৰ ইতিহাসৰ অগ্ৰগামী হৈ পৰিল। ইয়াৰ পূৰ্বে ৫৩ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট বগাই যোৱা জম্মু-কাশ্মীৰৰ সংগীতা বাহলে বিগত ছবছৰ ধৰি এই অভিলেখ গঢ়িছিল।
জ্যোতি ৰাত্ৰেই ১৫ জনীয়া দলৰ সৈতে সাগৰমাথা (নেপালী নাম মাউণ্ট এভাৰেষ্ট) আৰোহণ কৰে। পৰ্বতাৰোহণ যাত্ৰাত নামি পৰাৰ আগতে তাই স্কুলৰ ইউনিফৰ্মৰ ব্যৱসায় চলোৱাত ব্যস্ত আছিল । জ্যোতিয়ে জাতি আৰু পৰিয়ালক গৌৰৱান্বিত কৰা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছ (৫,৬৪২ মিটাৰ) আৰু ২০২১ চনত আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো (৫,৮৯৫ মিটাৰ) আৰু অষ্ট্ৰেলিয়াৰ মাউণ্ট কচচিউস্কো আৰোহণ কৰিছিল। জ্যোতিয়ে নিজৰ ফিটনেছ আৰু শক্তি পৰীক্ষা কৰিবলৈ এই অভিযানবোৰক নিজৰ প্ৰশিক্ষণ হিচাপে লৈছিল। আন কেইবাটাও সৰু সৰু শিখৰৰ পিছত জ্যোতিয়ে ২০২৩ চনত মাউণ্ট এভাৰেষ্টলৈ লক্ষ্য কৰিছিল যদিও বিপদজনক বতৰৰ বাবে ৮,১৯৯ মিটাৰ বগাই নামি আহিছিল। কিন্তু ২০২৪ৰ ১৯মে’ত তেওঁৰ এই সপোন দিঠকত পৰিণত হয় ।