তেখেতৰ জন্ম হৈছিল ১৯৩৩ চনত শিৱসাগৰ জিলাত। তেখেত অসমীয়া সাহিত্যৰ সৈতে জড়িত এগৰাকী ভাৰতীয় কবি আৰু গীতিকাৰ আছিল। তেখেত ১৯৯১ চনত গোৱালপাৰা জিলাৰ দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভানেত্ৰীও আছিল। শিশু সাহিত্যৰ বাবে ১৯৫৭ চনত ৰাষ্ট্ৰপতিৰ বঁটা আৰু ১৯৭৭ আৰু ১৯৮৯ চনত দুবাৰকৈ অসম সাহিত্য সভা বঁটা লাভ কৰে ।১৯৮৭ চনত তেখেতক ‘সৰস্বতী সন্মান’ উপাধি প্ৰদান কৰা হয়।অসম আন্দোলনৰ সময়তো তেখেতৰ ভূমিকা আছিল সক্ৰিয়। আমেৰিকা ,জাৰ্মানী জাপানকে ধৰি বহুকেইখন দেশ তেওঁ ভ্ৰমণ কৰে আৰু বক্তৃতা প্ৰদান কৰে। সোণৰ খাৰু নেলাগে মোক’, ‘কি নাম দি মাতিম’, ‘জোনবাই এ বেজী এটি দে’, ‘আগলি বতাহে কপালে কলৰে পাত’ আদি তেওঁৰ চিৰসেউজীয়া জনপ্ৰিয় গীত। ‘নীলা বাইদেউ’ ছদ্মনামেৰে সমাজত তেওঁ পৰিচিত। তেওঁৰ জন্মদিৱসটো অৰ্থাৎ ২০জুন তাৰিখটো ‘প্ৰেৰণা দিৱস হিচাপে পালন কৰা হয়।