গ্ৰীষ্মপ্ৰবাহত উতলিছে এতিয়া নাগপুৰ। তাপমাত্ৰা ৫৬ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে নাগপুৰে । অৱশ্যে বতৰ বিভাগে স্পষ্ট কৰি দিছে যে এটা চেন্সৰত হোৱা ভুলৰ বাবেই উচ্চ উষ্ণতা হৈছে, নাগপুৰত উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছৰ সীমা স্পৰ্শ কৰাৰ লগে লগে তীব্ৰ উত্তাপৰ সন্মুখীন হৈছে। দিল্লীত ৫২.৯ ডিগ্ৰী চেলছিয়াছৰ উচ্চ উষ্ণতাৰে আঘাত হানি অহা গৰমৰ ঢৌৰ পিছত এতিয়া নাগপুৰে ৫০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক চৰম উষ্ণতাৰ কবলত পৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চহৰখনত ৫৬ ডিগ্ৰী চেলছিয়াছৰ উল্লেখযোগ্য তাপমাত্ৰা প্ৰত্যক্ষ কৰি পূৰ্বৰ সকলো অভিলেখ ভাঙি পেলায়।