আজি বিশ্ব চাইকেল দিৱস। বৰ্তমান সময়ত চাইকেল হৈ পৰিছে মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ । যদিও এটা সময়ত ইয়াৰ ব্যৱহাৰ কমি গৈছিল তথাপিও পুনৰ উভতি আহিছে সেই ভাল সময় ।প্ৰযুক্তিৰ দ্রুত বিকাশৰ ফলত চাইকেল আৰোহীৰ সংখ্যা প্ৰায় কমি গৈছিল, কিন্তু কিছু বছৰৰ পৰা ৰাইজে পুনৰ ব্যস্ত পৰিছে চাইকেল ব্যৱহাৰত । মানৱ জীৱনৰ এই আপুৰুগীয়া সম্পদক ২০১৮চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে ৩ জুন তাৰিখটো আন্ত:ৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছে।এই চাইকেলৰ ইতিবৃত্তি বুলি ক’লে ১৮১৭চনত ড্ৰেইছ নামৰ এজনলোকে সম্পূৰ্ণ কাঠেৰে প্ৰথমখন চাইকেলৰ আৱিষ্কাৰ কৰিছিল আৰু এই চাইকেলখনৰ নাম দিছিল ‘ডাণ্ডী হ’ৰ্ছ’। এই চাইকেলখন তেওঁ জাৰ্মানৰ মেনহেইমত আৰু পেৰিছত প্ৰথম প্ৰদৰ্শন কৰিছিল আৰু বিশ্ব চাইকেল দিৱস বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে। চাইকেলক লৈ হয়তো প্ৰত্যেকজন মানুহৰেই শৈশৱৰ পৰা বৰ্তমানলৈকে অফুৰন্ত স্মৃতি স্মৰণীয় হৈ থাকে, ঠিক তেনেকুৱা কিছু স্মৃতি বুলিলে, প্রথম চাইকেল শিকা, আনৰ চাইকেল মনে মনে চলোৱা আৰু ক’ত কি, বিভিন্ন স্মৃতি সাঙোৰ খাই থাকে । আজিৰ তাৰিখত প্ৰায় সংখ্যক লোকে সুস্বাস্থ্য গৰাকী হোৱাৰ হেতুকে চাইকেল চলোৱাক অভ্যাসলৈ পৰিণত কৰিছে । ইয়াৰ উপৰিও চাইকেল কম খৰচী আৰু অন্যান্য যান-বাহনৰ দৰে চাইকেল চলালে কোনো ধৰণৰ প্রদূষণ হোৱাৰ কথা আহি নপৰে । চাইকেল চলোৱাৰ উপকাৰিতা বুলি ক’ব গ’লে হৃদৰোগ, ষ্ট্ৰোক ,বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধত যথেষ্ঠ সহায়ক বুলি চিকিৎসা বিজ্ঞানে তথ্য সদৰি কৰে ।