উপলব্ধি আৰু আত্মসমালোচনাৰ দ্বাৰা মানুহে বিচাৰি পায় নিজক। “আত্ম সমালোচনা” প্ৰত্যেকে মানুহৰ জীৱনৰে এক বিৰল গুণ। যাৰ মনত আত্মসমালোচনাই স্থান পায় তেওঁ প্ৰতিটো খোজতে এখোজ হ’লেও যে আগলৈ আগবাঢ়ি যাব সেইটো নিশ্চিত । আমি কোনেও নিজক সমালোচনাৰ দৃষ্টিৰে নাচাওঁ বা নিজৰ ভুল নেদেখোঁ, যেতিয়াৰে পৰা আমি নিজক উপলব্ধি কৰিম সেইদিনাই আমি এখোজ সফল হৈছোঁ বুলি ভাবিব পাৰিম।
আত্ম উপলব্ধিয়েই হৈছে সফল জীৱনৰ মূল চাবি-কাঠি । কিছুমান লোকে আমাক সমালোচনা কৰে তেঁওলোকৰ পৰা আমি প্ৰায়েই পলাই ফুৰো কিন্তু আমি এদিন হ’লেও সেই সমালোচনাৰ বিষয়টো গভীৰ ভাবে উপলব্ধি কৰোনে? যদি সমালোচনাৰ বিষয়টো আমি ভালদৰে চালিজাৰি চাওঁ তেতিয়া হয়টো আমাৰ নিজৰ মাজতে কিছুমান প্ৰশ্ন উদয় হব, আৰু আমি নিজক সলনি কৰিবলৈ চেষ্টা কৰিম যিয়ে আমাক নতুন বাটৰ সন্ধান দিব। মই নিজে কি কৰিছোঁ সেইটো জানো, কিন্তু আমাৰ মানুহৰ এটা স্বভাৱ আছে আমাৰ ভুল আনেহে দেখে আমি দেখা নাপাওঁ । মানুহ মাত্ৰেই ভুল হয় কিন্তু সেই ভূল আমি দেখা পাব লাগিব । আমি যিমান নিজৰ মানুহ থাকিলেও সকলো কথা খুলি কব নোৱাৰোঁ, সেয়ে কোৱা হয় এজন মানুহৰ প্ৰকৃত বন্ধু তেওঁ নিজেই।ঠিক তেনেকৈ নিজক ভাল দৰে বুজি পোৱা মানুহ কোনো হব নোৱাৰে । মাজে মাজে নিজৰ মাজতে মই কোন? কি কৰি আছোঁ এনে প্ৰশ্ন বোৰ অহাটো উচিত । আমি যদি নিজক সমালোচনা কৰি চাওঁ তেন্তে নিশ্চয় আমাৰ কোনো ক্ষতি নহয় উপকাৰ হে হ’ব।সকলো কামৰেই আত্মসমালোচনাই মূল বিষয় বস্তু । আত্মসমালোচনা বা উপলব্ধি কৰিলেহে মানুহৰ ভুল বোৰ শুধৰণি হ’ব । যদি সকলো মানুহেই এবাৰ হলেও নিজক উপলব্ধি কৰে তেন্তে সমাজৰ বহু সমস্যা দূৰ হ’ব কিয়নো আত্মসমালোচনাই মানুহক নতুন বাটৰ সন্ধান দিয়ে ।