জ্যোতিষী শাস্ত্ৰৰ মতে মানুহক গ্ৰহবোৰে অৱস্থানৰ লগতে মানুহৰ কিছুমান বদ অভ্যাসৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে মানুহে নিজৰ দৈনিক কাম-কাজত কিছুমান অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই জৰুৰী । আচলতে মানুহৰ এই বেয়া অভ্যাসবোৰে গ্ৰহ দোষৰ সৃষ্টি কৰে। যাৰ ফলত মানুহৰ জীৱনত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। জ্যোতিষী শাস্ত্ৰৰ জৰিয়তে গ্ৰহৰ দোষ হোৱা কাৰণ সমূহ জানো আহক।
মদ্যপান সেৱনৰ অভ্যাস
জ্যোতিষৰ মতে মদ খোৱাৰ অভ্যাস থাকিলে, ইয়াৰ ফলত গ্ৰহৰ দোষ হ’ব পাৰে ! আচলতে মদ্যপান কৰা ব্যক্তিয়ে মানুহক হাৰাশাস্তি কৰাৰ লগতে বেয়া আচৰণ কৰে । যদি কোনো ব্যক্তিৰ এই বেয়া অভ্যাস আছে তেন্তে এৰি দিয়াটো দৰকাৰী ।
ৰাতিপুৱা শুই উঠাৰ পলম
জ্যোতিষৰ মতে যদি কোনো ব্যক্তিৰ ৰাতিপুৱা পলমকৈ সাৰ পোৱাৰ অভ্যাস থাকে, তেন্তে এয়াও গ্ৰহৰ দোষৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ব পাৰে। আচলতে ৰাতিপুৱা দেৰিকৈ সাৰ পালে ৰাশিফলত সূৰ্য্য দোষৰ সৃষ্টি হয়।
বয়োজ্যেষ্ঠক সন্মান নকৰাৰ অভ্যাস
জ্যোতিষৰ মতে যদি কোনো ব্যক্তিৰ সদায় বয়োজ্যেষ্ঠ বা গুৰুক অপমান কৰাৰ অভ্যাস থাকে, তেন্তে এয়াও ৰাশিফলত গ্ৰহৰ দোষৰ এটা প্ৰধান কাৰণ হ’ব পাৰে। আচলতে ই ৰাশিফলত গুৰু দোষ সৃষ্টি কৰাৰ কাম কৰে।
জীৱ-জন্তুক হাৰাশাস্তি কৰাৰ অভ্যাস
জ্যোতিষৰ মতে প্ৰাণীক কেতিয়াও হাৰাশাস্তি কৰা উচিত নহয়। ইয়াৰ ফলত ৰাশিফলত কেতু গ্ৰহ দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত এজন ব্যক্তিৰ জীৱনত অশান্তি বিয়পি পৰে। যাৰ বাবে মানসিক চাপকে ধৰি বহু সমস্যাৰ সৃষ্টি হয়।