
জনসংখ্যা বৃদ্ধিৰ লগে লগে দেশত বৃদ্ধি পাইছে মোবাইল ফোনৰ চাহিদা । শিশুৰ পৰা বৃদ্ধ লৈকে সকলো কেৱল ব্যস্ত মোবাইল ফোন চোৱাত । বাতৰিকাকত পঢ়া, চিনেমা চোৱা, গান শুনা, গেম খেলা আদি সকলোবোৰ মোবাইল ফোনটোতেই হৈ যায় । আজি কালি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ আহিলা হিচাপেও স্বীকৃতি পাইছে মোবাইল ফোনে। মুঠৰ ওপৰত বৰ্তমান সময়ত মানৱ জীৱনৰ এক অপৰিহাৰ্য্য অংগ হৈছে মোবাইল ফোন ।
কিন্তু এইবাৰ মোবাইল ফোনেই জ্বলা কলা খোৱাইছে দেশবাসীক। জনতাৰ মূৰত মাধমাৰ সোধাই এইবাৰ বৃদ্ধি পালে মোবাইল ৰিচাৰ্জৰ মূল্য । জিঅ’ , এয়াৰটেল আৰু ভোডাফোনৰ পোষ্টপেইড আৰু প্ৰিপেইড দুয়োটা সেৱাতেই বৃদ্ধি পাইছে দাম । জিঅ’ আৰু এয়াৰটেলৰ নতুন নিৰ্ধাৰিত মূল্য জুলাইৰ ৩ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব, আনহাতে ভোডাফোনৰ জুলাই ৪ তাৰিখৰ পৰা বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য ।
জিঅ’ই মোবাইল ৰিচাৰ্জৰ মূল্য ১২ৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে। আনহাতে, এয়াৰটেলে বৃদ্ধি কৰিছে ১১ৰ পৰা ২১ শতাংশ পৰ্যন্ত মূল্য । জিঅ’ কৰ্তৃপক্ষৰ মন্তব্য অনুসৰি, 5G আৰু AI প্ৰযুক্তিৰ বাবে সৃষ্টি কৰা হৈছে এই নতুন প্লেন সমূহৰ । কিন্তু জিঅ’ ফোন ব্যৱহাৰকাৰী সকলৰ বাবে বৃদ্ধি কৰা হোৱা নাই এই শুল্ক ।