প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদান সমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা হয় তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহি পৰে। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা।
বৰ্তমান সময়ত সবাতোকৈ গুৰুত্ব দিবলগীয়া যদিও যিটো গুৰুত্ব নিদিয়া বিষয়টোৱে হ’ল পৰিৱেশ। অতিসম্প্ৰতি যি এমুঠিমান মানুহে হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে তাৰ ভিতৰতে এজন উদ্যমী যুৱক, শিক্ষক লেখক, অনুবাদক, পৰিৱেশকৰ্মী হ’ল মানস প্ৰতিম দত্ত। বিজ্ঞান আৰু পৰিৱেশ লেখক মানস প্ৰতিম দত্তই পৰিৱেশৰ প্ৰতি শিশু-কিশোৰৰ মনোজগতত সংৰক্ষণ চেতনা আৰু নৈতিক দায়িত্ববোধৰ বীজ ৰোপণ কৰাৰ উদ্দেশ্যে সহজ সৰল ভাষাৰে লিখি উলিয়াইছে ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’।
‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’ কেৱল সাধুকথাৰ কিতাপ নহয়। বৰঞ্চ শিশু, চেমনীয়া আৰু কিশোৰক পৰিৱেশৰ বাস্তৱ পৃথিৱীখনৰ সৈতে চিনাকী কৰি দিব পৰা বিভিন্ন বিষয়ৰ পৰামৰ্শ, পৰ্যালোচনা আৰু দায়িত্ব সম্পৰ্কে উনুকিওৱা এখন নিতান্তই প্ৰয়োজনীয় আৰু পঠনীয় গ্ৰন্থ।
আজি ঢকুৱাখনা গ্ৰন্থমেলাৰ জাগৰণ সাহিত্য প্ৰকাশনৰ বিপণীত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে এন কে টি ভিৰ জ্যেষ্ঠ সাংবাদিক বশিষ্ঠদেৱ ফুকনে। গ্ৰন্থখন উন্মোচন কৰি তেখেতে কয় যে, সাম্প্ৰতিক সময়ত যিসকল ব্যক্তিয়ে একনিষ্ঠভাৱে পৰিৱেশ সুৰক্ষাৰ বাবে নতুন প্ৰজন্মক সাহিত্যৰ লগতে হাতে কামে উৎসাহিত কৰি আহিছে তেনে এজন ব্যক্তি মানস প্ৰতিম দত্তৰ গ্ৰন্থখনে নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ লগতে পৰিৱেশ সুৰক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব।
অনুষ্ঠানত নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱায়ো সাৰুৱা ভাষণ প্ৰদান কৰে। উন্মোচনী সভাত পুলকজ্যোতি বৰা, পুলিন দিহিঙীয়া, ধ্ৰুৱ জ্যোতি চেতিয়া, প্ৰতাপ দত্ত, বিদ্যুৎ চমুৱা, নিতুল নন্দন ৰেগন, লোহিত চমুৱাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনে পৰিৱেশ আৰু পৰিৱেশ সাহিত্যক শিশু-কিশোৰৰ মাজলৈ লৈ যোৱাত ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।ইতিমধ্যে ঢকুৱখনা গ্ৰন্থমেলাত পাঠকসমাজে গ্ৰন্থখন আদৰি লোৱা দেখা গৈছে।