- কিছুমান বাহনত অসমত মানুহ নবহাই হ’ল। এই বাহনবোৰ মানুহে এতিয়া পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা দেখা গৈছে। যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে অসম আৰক্ষী। আৰক্ষীৰ সমানেই চিন্তাত পৰিছে পৰিবহন বিভাগো। পৰিবহন বিভাগে লাভ কৰা তথ্য অনুসৰি অসমত এই বাহনসমূহত মানুহ নবহাই হ’ল।
- এই বাহনসমুহত এক শ্ৰেণীৰ মানুহে যাতায়ত কৰাৰ পৰা আঁতৰি থকা দেখা গৈছে। যাৰ বাবে চিন্তাত পৰিছে বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহো। যাৰ বাবে এতিয়া কোম্পানী এইধৰণৰ বাহন নিৰ্মান বন্ধ কৰিবলৈও আলোচনা কৰিছে !
- শিৱসাগৰতৰ আমগুৰিত শুকুৰবাৰে নিশা পোৱা গ’ল মানুহে যাতায়ত নকৰা এখন বিলাসী বাহন। নিশা আৰক্ষীয়ে দেখে বুলি ভয়ে ভয়ে আহোতেই আমগুৰি নগৰত খুন্দা মাৰিলে ডিভাইদাৰত। এই খুন্দাৰ পিছতে আৰক্ষীয়ে যি দেখিলে সেয়া জীৱনত মনত ৰৈ যাবলগীয়া কথা।
- আৰক্ষীয়ে দেখিলে চালকৰ আসনত এজন লোক ঠিকেই আছে কিন্তু অন্য আটাইকেইখন আসনতে যাত্ৰীৰূপত আছে একোটা গৰু। আৰক্ষীয়ে অমাত যাত্ৰীকেইগৰাকী ক’লৈ যাব একো তথ্য লাভ নকৰিলে। কোন ঠাইলৈ যাব সেয়া তথ্য লাভ নকৰাত আৰক্ষীয়ে নিশাটো থানাতে থাকিব লাগিব বুলি জনালে।
- AS 01 DR 1172 নম্বৰৰ বিলাসী বাহন খনে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই ফুটফাথত খুন্দা মৰাৰ ফলত বাহন খন দুৰ্ঘটনাত পতিত হোৱাৰ বাবেহে আৰক্ষীৰ হাতত পৰিল বাহনখন। ঘটনাৰ লগে লগেই ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বাহন খনৰ চাই দেখে এটা গৰুহে আছে যাত্ৰীৰূপত। কিন্তু, যাত্ৰীক কঢ়িয়াই অনা চালকে আন্ধাৰৰ সুযোগ লৈ পলাই যায়। আমগুৰি আৰক্ষীয়ে ইয়াতে ক্ষান্ত নাথাকি বাহনখন জব্দ কৰাৰ লগতে গৰুটো উদ্ধাৰ কৰে।
- এই ঘটনাৰ সন্দৰ্ভত এক উচিত তদন্ত কৰি ঘটনাৰ লগত জড়িত দোষীৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিৰ উপদেষ্টা আকাশ শইকীয়াই আমগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। চোৰাং গৰু সৰৱৰাহৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাইপাৰ আমগুৰি আঞ্চলিকৰ সভাপতি আদিত্য ৰূচাওৱে ।
- এই কাহিনীটো আজি সকলোৰে মনে মনে অব্যাহত। কোনেও ৰখাব নোৱৰা গৰু সৰবৰাহ ক্ৰমে ক্ৰমে বৃদ্ধি পাইছে উজনি অসমত। বিভিন্ন স্তানৰ পৰা ছিণ্ডিকেট চক্ৰই এইদৰে সৰবৰাহ কৰি আহিছে গৰু। পিছে এয়া আমাৰ অভিযোগ নহয়। সকলোৱে জানে কিন্তু কোনেও কাকো নকয়।
শিৱসাগৰৰ পৰা বুলবুল আলী ৰিপোৰ্ট ।।