- বজালী জিলাৰ দক্ষিণ প্ৰান্তৰ ঐতিহ্যমণ্ডিত বালাপাৰা গাঁৱৰ মাজেৰে প্ৰৱাহিত কালদিয়া নৈৰ পাৰত অৱস্থিত ‘কালদিয়া বনানী বনভোজথলী আৰু শিশু উদ্যান’খন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। মন্ত্ৰীগৰাকীয়ে ‘কালদিয়া বনানী বনভোজথলী আৰু শিশু উদ্যান’খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই উদ্যানখনৰ দ্বাৰা পাৰ্শ্বৱৰ্তী অঞ্চলটোৰ উন্নয়নৰ সম্ভাৱলীয়তা আছে।
- এই উদ্য়ানখনৰ মূল উদ্যোক্তা যুৱ সাংবাদিক হীৰেণ কলিতাৰ তত্বাৱধানত কালদিয়া বনানী ছ’চাইটি পৰিয়ালে কালদিয়া নৈৰ পাৰৰ অনাবিল প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত লোৱা এই পদক্ষেপক উষ্ম আদৰণি জনাইছে মন্ত্ৰীগৰাকীয়ে ৷ এই পদক্ষেপে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনলৈ নিশ্চিত ৰূপত যথেষ্ট অৰিহণা যোগাব বুলি আশাবাদী মন্ত্ৰীগৰাকী ৷
- এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত জিলা আয়ুক্ত মৃদূল কুমাৰ দাস, বিশিষ্ট শিক্ষাবিদ ড° ৰণজিৎ ডেকা, পৰিৱেশবিদ আনন্দ খাটনিয়াৰ, বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য মনিপাল বড়োকে আদি কৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷