মহানগৰীৰ নিশাৰ এটা পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৱে উন্মোচন কৰিলে কেইবাটাও দিশ। CCTV কেমেৰাৰ সংস্থাপন মাথোঁ ভেঁকোভাওনা। CCTV কেমেৰাৰ সংস্থাপনৰ নামত ৰাজহুৱা ধনৰ হৰলুকি নেকি? পথ দুৰ্ঘটনাটোৱে উদয় কৰিছে এনে কিছু প্ৰশ্ন। প্ৰথমে জানো আহক পথ দুৰ্ঘটনাটোৰ বিষয়ে। দিছপুৰৰ ছুপাৰ মাৰ্কেটত নিশা পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ প্ৰচণ্ড খুন্দা ৰেপিড’ মটৰচাইকেলত। থিতাতে নিহত ৰেপিড’ চালক, যাত্ৰী। ৰেপিড’ চালকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী। আৰোহীগৰাকী লামডিঙৰ প্ৰিয়া সোনাৰ। ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশীয়ে ঠেঁটুৱৈ লগা জাৰকো নেওচি নিশাৰ ভাগতো মটৰচাইকেল চলাই নলবাৰীৰ ছাপলাকুচি গাঁৱত থকা পৰিয়ালটোক পোহপাল দি আছিল। ভগ্নীৰ বিয়াৰ বাবে দিনে নিশাই কষ্ট কৰিছিল ধন গোটাবলৈ। আনহাতে লামডিঙ BBS কলনীৰ প্ৰিয়া সোনাৰ আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। ভাড়াত থাকিছিল ছয় মাইলৰ জয়ানগৰত। দুয়োৰে দুচকুত আছিল অযুত সপোন। কিন্তু নিশাৰ অচিনাক্ত এখন বাহনৰ খুন্দাত সকলো নিমিষতে চুৰ্মাৰ হৈ গ’ল। সঁচাকৈয়ে এটা অতি দুৰ্ভাগ্যজনক ঘটনা। দুজনৰ প্ৰাণ কাঢ়ি নিয়া বাহনখন এতিয়াও হোৱা নাই চিনাক্ত। ৰাজ্যৰ কোনো ভিতৰুৱা প্ৰান্তৰ ভিতৰুৱা ৰাস্তাত এনে দুৰ্ঘটনা সংঘটিত কৰি বাহন পলাই যোৱাহেঁতেন, আৰক্ষীয়ে চিনাক্ত কৰিব নোৱৰাহেঁতেন অইন কথা আছিল। কিন্তু, বিধায়ক আৱাস, মন্ত্ৰীৰ কলনী, বিধানসভা, জনতা ভৱন, দিছপুৰ আৰক্ষী চকীৰ গাতে লাগি থকা ৰাজপথটোত এনে ঘটনা সংঘটিত হ’ল। ৰাজ্যৰ ৰাজনীতি আৰু প্ৰশাসন প্ৰাণকেন্দ্ৰ দিছপুৰত, উল্লেখ কৰা হাই প্ৰফাইল প্ৰশাসনিক যন্ত্ৰৰ গাতে লাগি থকা ৰাজপথটোত দুৰ্ঘটনা সংঘটিত কৰি কেনেদৰে এখন বাহনে পলায়ন কৰিব পাৰে ? কেনেদৰে এই পৰ্যন্ত ধৰা নপৰিব পাৰে এয়াহে সবাতোকৈ। ৰহস্যজনক বিষয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আছিল নেকি কোনো মন্ত্ৰী পুত্ৰ বা জীয়ৰী ? নে বাহনখনৰ চালক আছিল কোনো শীৰ্ষ আমোলা-বিষয়াৰ সন্তান ? সেইবাবেই ধৰা নপৰাৰ নাটক নেকি ? এতিয়া আহিছো CCTV কেমেৰা জাতীয় কথালৈ। ক’লৈ গ’ল CCTV কেমেৰা ? CCTV কেমেৰাৰ নামত শ-শ কোটী টকা ব্যয়। ২০২৩ৰ অক্টোবৰত ২৫০ কোটী টকাৰ অনুমোদন CCTV কেমেৰাৰ বাবে। ২০২৩ৰ আগষ্টত ২৩০ কোটী টকা ধাৰ্য কৰা হৈছিল যদিও অক্টোবৰত ২৫০ কোটী টকালৈ বৃদ্ধি কৰা হয় CCTV কেমেৰাৰ বাবে ব্যয় হ’বলগীয়া ধন। চৰকাৰে দাবী কৰা মতে, মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে এই পদক্ষেপ। মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান চৌহদ আদিতো সৰ্বাসাধাৰণৰ নিৰাপত্তাৰ বাবে CCTV কেমেৰা সংস্থাপন কৰাতো বাধ্যতামূলক কৰিছিল চৰকাৰে। অন্যথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্দে ব্যৱস্থা গ্ৰহণৰ নীতি গ্ৰহণ কৰিছিল। The Assam Public Safety (Measures) Enforcement Bill, 2023 শীৰ্ষক এখন বিধেয়কো ২০২৩ৰ মাৰ্চ মাহত সদনত দাখিল কৰিছিল ৰাজ্যিক গৃহ আৰু মহানগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে। ইমানৰ পাছতো কিয় মহানগৰীৰ সবাটোকৈ গুৰুত্বপূৰ্ণ ৰাজপথটোত সংঘটিত দুৰ্ঘটনাটোত জড়িত বাহনখন চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ? মহানগৰীৰ বাট-পথৰ দাঁতিত কেতিয়াবা মটৰচাইকেল এখন পাৰ্কিং কৰি থলেও হঠাতে ২,০০০ টকা ফাইন কটা মেছেজ আহে ম’বাইল ফোনত। এতিয়া মূল ৰাজপথটোৰ বাহনখন কিয় কৰিব পৰা নাই চিনাক্ত ? ৰাজপথৰ CCTV কেমেৰাসমূহ সজোৱা পুতলা নেকি? ৰাজপথৰ CCTV কেমেৰাসমূহ কাৰ্যক্ষম হৈ আছে নে ? প্ৰায়ে কিছুমান অভিযোগ শুনা যায়। কমিছনৰ অংকতে হেনো চলে বহু কাম! CCTV কেমেৰাৰ ক্ষেত্ৰতো তেনে কিবা হৈছে নেকি ? দুই নম্বৰী, তিনি নম্বৰী, চাৰি নম্বৰী কুৱালিটীৰ সামগ্ৰী ব্যৱহাৰ হৈছে নেকি ? এনেবোৰ প্ৰশ্ন কিন্তু বহুজনৰ মনত উদয় হৈছে। আৰু এটা প্ৰশ্ন- দিছপুৰ সঁচাকৈয়ে সুৰক্ষিত নে ? ইমান গুৰুত্বপূৰ্ণ ৰাজপথটোত দুৰ্ঘটনা সংঘটিত কৰা বাহনকনেই চিনাক্ত কৰিব পৰা নাই। ওপৰৱালাই নকৰক যদি কোনোবাই কিবা কূটাঘাট সংঘটিত কৰে। মনত আছেনে ১৫ আগষ্টৰ কথা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা (স্বাধীন)-য়ে বোমা সংস্থাপন কৰা বুলি বিবৃতি দিছিল। দিনৰ দিনটো সন্ধান কৰিও একো উলিয়াব পৰা নাছিল আৰক্ষীয়ে। পাছদিনাহে কিবা এটা আৰক্ষীয়ে উলিয়াইছিল। গতিকে সেয়াই এই স্থান। সেই বিভীষিকাৰ পাছতো এই স্থান আজিও সুৰক্ষিত নহ’ল। এয়াই স্মাৰ্ট আৰক্ষী, এয়াই নেকি স্মাৰ্ট পুলিচিং।