- ২০২১ চনত যোৰহাটৰ ভাষ্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া। বিবাহৰ সময়ত বিভিন্ন চৰ্চা হৈছিল ভাষ্কৰ-বৰষাৰ বিবাহ প্ৰসংগই। কম বয়সীয়া ভাষ্কৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেই নেটিজেনৰ সমালোচনাৰ সন্মুখীন হৈছিল বৰষাৰাণী বিষয়া। সকলো সমালোচনা হেলাৰঙে অতিক্ৰম কৰি ভাষ্কৰৰ সৈতে আগুৱাই গ’ল অসমীয়া মোহময়ী অভিনেত্ৰীগৰাকী।
- ২০২১ চনৰ পৰা স্বামী ভাষ্কৰৰ সৈতে সুন্দৰকৈ থাকি সুখৰ এখন সংসাৰ গঢ় দিলে বৰষাই। ইমানৰ মাজতে ভাষ্কৰ আৰু বৰষাই পাৰ কৰিলে বহু সুমধুৰ সময়। ভাষ্কৰ-বৰষাক সমালোচনা কৰা নেটিজেনৰ মুখত চূণ দি বিভিন্ন ভাল কামো কৰিলে দুয়োগৰাকীয়ে। সংবাদ মাধ্যমতো দুয়ো দি গ’ল যোগাত্মক বাৰ্তা।
- ২০২৪ চনৰ ২৩ ডিচেম্বৰত ভাস্কৰ বৰুৱা আৰু বৰষা ৰাণী বিষয়াৰ জীৱনলৈ আহিল ন আলহী। নৱবৰ্ষৰ প্ৰাকক্ষণত বৰষা ৰাণী বিষয়াৰ জীৱনলৈ আহিল ন আলহীৰ আগমন। বৰষাৰ কোলা শুৱনি কৰিলে এগৰাকী কন্যা সন্তান। কন্যা সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। সামাজিক মাধ্যম যোগে এই খবৰ দিলে বৰষা ৰাণী বিষয়াৰ ভাতৃ অংকুৰ বিষয়াই। বৰষা আৰু ভাস্কৰক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে অনুৰাগীসকলে। পূৰ্বৰ সমালোচনা কৰা নেটিজেনেও শুভেচ্ছা বাৰ্তাৰে ওপচাই পেলাইছে বৰষাৰাণী বিষয়াক। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰষা ৰাণী বিষয়াই এটি কন্যা সন্তান জন্ম দিলে।
- এতিয়া বৰষা-ভাষ্কৰ সাজু হৈছে সন্তানক আদৰিবৰ বাবে। যাৰ বাবে উজান বজাৰৰ ঘৰখনত এক উচৱমুখৰ পৰিৱেশ। সজাই পৰাই তোলা হৈছে ঘৰখন। শুভেচ্ছা জনাইছো বৰষাৰাণী বিষয়া আৰু ভাষ্কৰ বৰুৱা। মৰমৰ মাইনাজনী ডাঙৰ হৈ সমাজৰ ভাল মানুহ হওক।