নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ প্ৰাচীন কালৰে পৰা ভাৰতীয় সভ্যতাৰ যোগে এক অনদব্য স্থান দখল কৰি আহিছে যোগাখনে । আজিৰ আধুনিক যুগতো যোগৰ প্ৰচাৰ-প্ৰসাৰে যোগক এক পৃথিৱীৰ ব্যাপি উল্লেখযোগ্য বিষয়বস্তু হিচাপে পৰিগণিত কৰাইছে । প্ৰাচীন কালত এজন যোগীৰ স্থান সৰ্ব প্ৰথম,তাৰ পিছত ক্ৰমে ব্ৰহ্মচাৰী, বানপ্ৰস্থি আৰু সংসাৰী লোকৰ । এই যোগাসনৰ বহুত উপকাৰিতা আছে যি বহুতো আপোনাক নিৰোগী ৰখাত যথেষ্ট সহায়ক ।
থোৰতে যদি আমি চাওঁঃ
⚫ যোগাসনে এজন মানুহৰ নিষ্ক্ৰিয় গ্ৰন্থি সমূহ সক্ৰিয় কৰাত যথেষ্ট উপকাৰ কৰে আৰু বয়সৰ চাপ পৰাত বাধা প্ৰদান কৰে।
⚫ দৈনিক যোগাসনে মানুহৰ পেটৰ ভিতৰত বিভিন্ন কাৰ্য সম্পাদন সহজ কৰাৰ লগতে পাচন তন্ত্ৰক পুষ্ট কৰে।
⚫ মেৰুদণ্ড আৰু ৰাজহাঁড় শক্তিশালী কৰাত সহায় কৰে।
⚫ মাংসপেশীক শক্তিশালী কৰাৰ সমান্তৰাল কৈ মেদবহুলতা ৰোধ কৰে।
⚫ যোগাসন মহিলা সকলৰ বাবে যথেষ্ট উপকাৰী, কিয়নো দৈনিক যোগাসনে নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।
⚫দৈনিক যোগাসনে বুদ্ধিৰ বিকাশ আৰু স্মৃতি শক্তিৰো বিকাশ ঘটে।
⚫সুস্থ শৰীৰ বাবে যোগাসন আশীৰ্বাদ স্বৰূপ।
⚫ৰক্ত সঞ্চালনত সহায় কৰে আৰু মনক স্থিৰতা প্ৰদান কৰে।
⚫দৈনিক যোগাসনে মনৰ অশান্তি দূৰ কৰে, আৰু টোপনি ভাল কৰে।
⚫ৰক্তচাপৰ শংকা দূৰ কৰে । মধুমেহ ৰোগীৰ বাবে যোগাসন অতি উপকাৰী।
⚫শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক সকলো দিশৰে বিকাশ সাধন কৰে।