নিউজ ডেস্ক: ২৮ডিচেম্বৰ-অশান্ত মণিপুৰত পুনৰ সংঘটিত হৈছে গুলীচালনা আৰু বোমা নিক্ষেপৰ ঘটনা। এই আক্ৰমণত দুজনকৈ লোক আহত হয়। আহত দুজনৰ ভিতৰত এজন ভিলেজ ভলেণ্টিয়াৰ আৰু আনজন আৰক্ষী কৰ্মী। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাক গৰিহণা জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। তেওঁ এই ঘটনাৰ বিৰুদ্ধে কেন্দ্ৰীয় সুৰক্ষা বাহিনী আৰু ৰাজ্যিক আৰক্ষীক সঠিক সমন্বয়ৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
জানিব পৰা মতে, ইম্ফল পূব জিলাৰ ছানছাবি আৰু থামনাপকপি গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই পাহাৰৰ পৰা গুলীচালনা কৰাৰ লগতে বোমা নিক্ষেপো কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাক কুকি উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত কৰা কাপুৰুষোচিত আৰু অপ্ৰৰোচিত আক্ৰমণ আখ্যা দিয়ে। তেওঁ এই আক্ৰমণক মণিপুৰৰ শান্তি আৰু সম্প্ৰীতিৰ ওপৰত হোৱা আক্ৰমণ বুলিও কয়।
তাৰোপৰি তেওঁ এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ মাজত বুজাবুজি থাকিব লাগে বুলি কয় ।