নিউজ ডেস্ক:২ জানুৱাৰী ২০২৫-গুৱাহাটীৰ খাৰঘূলিত পুনৰ ফুটিল জাইকাৰ পানীৰ পাইপ। জলবিস্ফোৰণত ধ্বংস কেইবাটাও ঘৰৰ লগতে আহত কেইবাজনো লোক । পানীৰ মাজত বহুসময় ধৰি আৱদ্ধ হৈ থাকিব লগীয়া হৈছিল কেইবাজনকৈ লোক। জল বিস্ফোৰনৰ পিছতে নিখোজ হৈছিল এজন ২৫ বছৰীয়া এজন যুৱকো। এই ঘটনা জল ব’ৰ্ড, GMDAৰ হেমাহিত সঘনে সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ । জাইকাৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছিল এই ঘটনা।
খাৰঘুলিৰ ঘটনাৰ পিছতে ৩ দিনলৈ বন্ধ থাকিব গুৱাহটীৰ পানী যোগান। ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ গুৱাহাটীত পানী যোগান বন্ধ থাকিব বুলি অৱগত কৰিছে বিভাগীয় কৰ্তৃপক্ষই। পাইপ লাইন মেৰামতিৰ বাবে এই সিদ্ধান্ত লৈছে জলব’ৰ্ডে। অমিয় নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা চাৰ্ভিছ, বৃহত্তৰ চিৰিয়াখানা পথ, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, শ্ৰীনগৰ, ভাস্কৰ নগৰ, এমটি ৰোড, গীতানগৰ,অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মানিক নগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ড০ জাকিৰ হুছেইন ৰোড, ডাউন টাউন, বৰমটৰিয়া, ৰামচাহিল, লতাশিল, শিলপুখুৰী, পানবজাৰ, খাৰঘুলি ইত্যাদি অঞ্চলত বন্ধ থাকিব পানীৰ যোগান। মুলতঃ পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জলব’ৰ্ডে।