নিউজ ডেস্ক:২ জানুৱাৰী ২০২৫– এতিয়া শীতৰ সময়। এই শীত কালত মানৱ শৰীৰত তাপমান হ্ৰাস পোৱাৰ লগে লগে শৰীৰত দেখা দিয়ে বিভিন্ন লক্ষণে। এই সময়ত দেশৰ বহু অঞ্চলত প্ৰচণ্ড ঠাণ্ডা পৰিছে। উষ্ণতা হ্ৰাস পালে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে, এই বতৰত গ্ৰীষ্মকালৰ তুলনাত হাৰ্ট এটেকৰ সম্ভাৱনা ৩০ শতাংশ বৃদ্ধি পায়। হাৰ্ট এটেকৰ এটা প্ৰধান কাৰণ হ’ল হৃদযন্ত্ৰৰ ব্ল’কেজ। ব্লক হোৱাৰ বাবেও হৃদযন্ত্ৰৰ বিকলতা হ’ব পাৰে।
শীতকালত উষ্ণতা কম হোৱাৰ বাবে হৃদৰোগ বাঢ়িব পাৰে। ইয়াৰ বাবে তেজৰ সোঁত সঠিক নহয়। তেজৰ চলাচল সঠিক নোহোৱাৰ বাবে হাৰ্ট এটেক বা হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে। শিৰা ব্লক হোৱাৰ বাবে হাৰ্ট এটেক হয়। হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণসমূহৰ বিষয়ে জনাটো খুবেই গুৰুত্বপূৰ্ণ। এইবোৰ সময়মতে ধৰা পৰিলে আপুনি সহজেই হাৰ্ট এটেকৰ আশংকাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।
কেনেকৈ ৰোধ কৰিব পাৰি হৃদযন্ত্ৰৰ ব্লক…
প্ৰত্যেকদিনে আমি খাদ্যৰ যত্ন লোৱাৰ জৰুৰী
নিয়মিতভাৱে ব্যায়াম কৰা
ধূমপানৰ পৰা আঁতৰ হোৱা
মানসিক চাপৰ পৰা মুক্ত হৈ থকা
বছৰত এবাৰ হৃদযন্ত্ৰৰ পৰীক্ষা
মদ্যপান সীমিত কৰা
কোনো লক্ষণ দেখা পোৱাৰ লগে লগে চিকিৎসকৰ কাষত যোৱা