নিউজ ডেস্ক, ৪ জানুৱাৰী২০২৫- ইমাৰ্জন ৱাটাৰ হিটাৰ ব্যৱহাৰ আপুনিও কৰে নেকি? যদি কৰে ইয়াৰ সঠিক ব্যৱহাৰৰ নিয়মসমূহো জানি থওক। ডিচেম্বৰ আৰু জানুৱাৰী মাহত ঠাণ্ডাত দৈনিক গা ধোৱাৰ বাবে পানী গৰম কৰিবলৈ ব্যৱহাৰ কৰা হয় ‘ইমাৰ্জন ৱাটাৰ হিটাৰ’। কিন্তু আপুনি জানেনে ইয়াৰ বহু অসুবিধাও নথকা নহয়।
ৱাটাৰ হিটাৰ ইমাৰ্জনৰ ব্যৱহাৰঃ শীতকালত ঠাণ্ডা পানীৰে গা-ধোৱাটো অসম্ভৱ যেন লাগে । সেইবাবে গৰম পানীৰে গা ধোৱা ব্যৱস্থাটো প্ৰায় প্ৰতিঘৰত দেখা যায়। গৰম পানী কৰিবৰ বাবে হয়টো গেছ বা অ’ভেন ব্যৱহাৰ কৰা হয়। কিন্তু, গেছ বা অ’ভেনত বাৰে-বাৰে পানী গৰম কৰাটো সম্ভৱ নহয়। সেইবাবে আজিকালি অধিকাংশ মানুহৰ ঘৰত দেখা যায় ৱাটাৰ হিটাৰ। খুব কম সময়তে পানী গৰম কৰিবলৈ এই যন্ত্ৰবিধ ব্যৱহাৰ কৰা হয়।
কিন্তু, এইবিধ যন্ত্ৰ ব্যৱহাৰ কৰোতে কিছুমান সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। নহ’লে সৰু-সৰু ভুলবোৰৰ পৰিণাম ভূগিব লগা হ’বও পাৰে। এই হিটাৰডাল পানীত ডুবাই দিয়াৰ আগতে আপুনি নিশ্চিত হওক যে, ই সম্পুৰ্ণৰূপে ডুব গৈছেনে ? অন্যথা বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰকৃততে হিটাৰ ডাল পানীত ৮০ শতাংশ পানীত ডুবাই ৰাখিব লাগে। যদি আপুনি ২০ লিটাৰৰ বাল্টিত পানী গৰম কৰিব তেন্তে তাত ১৬ লিটাৰ পানী ভৰাই ল’ব । মনত ৰাখিব যে, ৱাটাৰ হিটাৰ ইমাৰ্জন ৰডডাল ক্ৰয় কৰোতে ৰডডালৰ ISI মাৰ্কিং থাকিব লাগিব। এই ধৰণৰ হিটাৰত ১৫ৰ পৰা ২০মিনিটহে পানী গৰম কৰিব লাগে কাৰণ ই প্ৰত্যক্ষভাৱে শক্তি প্ৰদান কৰে। এই মডেল হিটাৰটো বহুদিন ব্যৱহাৰ কৰিলে ইয়াৰ লোহা তাঁৰত এক বগা চামনি গঠন হ’বলৈ আৰম্ভ কৰে। পানীত থকা নিমখ আৰু কেলচিয়ামৰ বাবে এনে হয়। পানী গৰম হ’লে তাত থকা নিমখ আৰু কেলছিয়ামৰ কণাবোৰ হিটাৰৰ তাঁৰত লাগি থাকে আৰু ডাঠ আৱৰণ বান্ধে। এইদৰে যেতিয়া হিটাৰৰ তাঁৰত লাগি থকা লৱণযুক্ত তৰপটো আঁতৰাই নিদিয়াকৈ হিটাৰটো অবিৰতভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে পানী গৰম কৰিবলৈ স্বাভাৱিক সময়তকৈ বেছি সময় লাগে। আৰু এনে কৰোতে বিদ্যুতৰ বিল হঠাৎ যথেষ্ট বৃদ্ধি পাব ।
এইদৰে এই ধৰণৰ হিটাৰৰ তাঁৰত যদি বৃহৎ পৰিমাণৰ বগা চামনি জমা হয়, তেতিয়া সময়ে সময়ে ইয়াক সহজে পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয় আৰু ব্যৱহাৰৰ সময়ত বিদ্যুৎ ৰাহি কৰাটোও সম্ভৱ। তাঁৰযুক্ত ৱাটাৰ হিটাৰ ব্যৱহাৰ কৰাৰ সময়ত পানী গৰম হৈছে নে নাই চাবলৈ বাৰে বাৰে হাতেৰে পানী স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে।