নিউজ ডেস্ক: ৪জানুৱাৰী ২০২৫- সুদীৰ্ঘ ১২বছৰৰ পিছত পুনৰ অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা । সমগ্ৰ দেশৰ পৰা আহিব লগা প্ৰায় ৪৫ কোটি ভক্তক আদৰিবলৈ প্ৰয়াগৰাজত প্ৰশাসন আৰু উত্তৰপ্ৰদেশ চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মহাদেৱৰ নাম জপ কৰি মহাকুম্ভ শিবিৰত প্ৰৱেশ কৰিলে সাধু-সন্যাসী সকলে । কিছুমান সাধুক দেখা গ’ল কেশৰ পিন্ধা আৰু ছাইৰে আবৃতৰ লগতে ঘোঁৰাত উঠি অহাও দেখা গ’ল। অটল আখৰাৰ সন্তসকলেও এক বৃহৎ শোভাযাত্ৰা কৰি মহাকুম্ভ শিবিৰত উপস্থিত হৈছেহি । অতিথি সাধুসকলক মালাৰে উষ্ম আদৰণি জনালে আৰক্ষী বিষয়াসকলে ।
এতিয়া মহাকুম্ভ মেলাক লৈ প্ৰয়াগৰাজত মহাআয়োজন । অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰী লৈ আৰম্ভ হ’ব লগা মহাকুম্ভ মেলালৈ আহিব লগা ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনৰ লগতে প্ৰয়াগৰাজৰ বহু স্বেচ্ছাসেৱী সংগঠনো সাঁজু হৈছে। আনহাতে মহাকুম্ভত এইবাৰ নিৰাপত্তাৰ দিশটোকো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। নিয়োগ কৰা হৈছে বিশাল নিৰাপত্তাবাহিনী। মহাকুম্ভৰ প্ৰস্তুতিৰ সকলো দিশ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যৰাজে নিজে পৰ্য্যবেক্ষণ কৰিছে