নিউজ ডেস্ক: ৫ জানুৱাৰী ২০২৫- নিশা মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত । মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ কৈলাশ নগৰত দুৰ্বৃত্তই অগ্নী সংযোগ কৰে বাহনত । ছয় খনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় ছয়খন খনকৈ বাহন লগতে ক্ষতিগ্ৰস্থ হয় কাষতে থকা নামঘৰ । CCTVত বন্দী হৈছে ঘটনাৰ সমগ্ৰ দৃশ্য । স্থানীয় লোকে খবৰ দিয়াত নিশাই ঘটনাস্থলীত উপস্থিত হয় গীতানগৰ আৰক্ষী। গীতানগৰ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত ।
ঘটনাৰ লগত জঢ়িত বিশ্বজিৎ পাটগীৰি নামৰ এজন যুৱকক চিনাক্ত কৰা হৈছে । গীতামন্দিৰৰ কৈলাশ নগৰৰে বাসিন্দা বিশ্বজিৎ পাটগিৰি । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল বিশ্বজিৎ পাটগীৰিয়ে । অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত কৈলাশ নগৰ উন্নয়ন কমিটী আৰু ভুক্তভোগীৰ পৰিয়াল কেইটাই পৃথকে পৃথকে এজাহৰ দাখিল কৰে গীতানগৰ আৰক্ষী থানাত। ভুক্তভোগী পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি উপস্থিত গীতানগৰ আৰক্ষী থানাত। দোষীক অতিশীঘ্ৰেই কৰায়ত্তৰ দাবী ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ।