নিউজ ডেস্ক, ৬ জানুৱাৰী ২০২৫- চীনত এতিয়া হাহাকাৰ পৰিৱেশ। হাস্পতালত বিচনাৰ অভাৱ। চিকিৎসালয়ৰ বাৰাণ্ডাতে বহুজনে কৰোৱাইছে চিকিৎসা। অস্থায়ীভাৱে নতুনকৈ নিৰ্মাণ কৰা হৈছে চিকিৎসালয়। চীনে লুকুৱাই ৰাখিছিল এই ভাইৰাছ। শেহতীয়াকৈ পোহৰলৈ আহিল HMPV ভাইৰাছ। ইফালে ভাৰততো সোমবাৰৰ দিনটোতে ৩ টাকৈ দেৱশিশু আক্ৰান্ত হ’ল HMPV ভাইৰাছত।

এই ভাইৰাছবিধৰ লক্ষণসমূহ হ’ল– চৰ্দি আৰু জ্বৰ, কাঁহ, নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা। এই ভাইৰাছৰ এতিয়ালৈকে ভেকচিন নথকাত চিন্তিত হৈছে চিকিৎসক। এই ৰোগ শিশুৰ মাজত সহজে সংক্ৰমিত হ’ব পাৰে, যাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি উদ্বেগ অধিক বৃদ্ধি পাইছে।
এই ভাইৰাছৰ সাৱধানতাসমূহ হ’ল –
১। চাবোনেৰে ভালদৰে অতি কমেও ২০ ছেকেণ্ডৰ বাবে হাত ধুব লাগে। পাৰিলে ঘন-ঘনকৈ হাত ধুব।
২। হাত নোধোৱাকৈ চকু, নাক বা মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
৩। অসুস্থ লোকৰ লগত ঘনিষ্ঠ সংস্পৰ্শৰ পৰা বিৰত থাকক।
৪। চৰ্দিৰ দৰে লক্ষণ থকা ৰোগীয়ে কাঁহ আৰু হাঁচি কৰোতে মুখ আৰু নাক ঢাকিব লাগে।
৫। খাদ্যৰ বাচন-বৰ্তন আনৰ লগত ভাগ কৰি লোৱাৰ পৰা বিৰত থাকক।