নিউজ ডেস্ক:৭ জানুৱাৰী ২০২৫- Covid19ৰ পিছত HMPভাইৰাছ বিশ্বৰ আন দেশ সমূহলৈ বিয়পিবলৈ ধৰিছে । বৰ্তমানলৈকে ভাৰতত HMP-ভাইৰাছৰ ৫ জন ৰোগী ধৰা পৰিছে ৷ বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগী ধৰা পৰিছে ৷ এই ভাইৰাছে শ্বাস-প্ৰশ্বাসতন্ত্ৰত যথেষ্ট প্ৰভাৱ পেলায় । যিকল লোকৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল সেই সকল লোক সোনকালে সংক্ৰমিত হয় ।
এই ভাইৰাছে প্ৰথমে হাওঁফাওঁ আৰু বায়ুপথক লক্ষ্য কৰি লয় । সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পে । সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ব্ৰংকাইটিছ, নিউমোনিয়া আৰু বায়ুপথৰ বাধা আদি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, প্ৰতিৰোধৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা, ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰখাটো গুৰুত্বপূৰ্ণ ৷ সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধসকলক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন ৷