নিউজ ডেস্ক :০৮ জানুৱাৰী ২০২৫- চলিত জানুৱাৰী মাহতে ঘোষিত হ’ব ৰাজ্যিক বিজেপিৰ সভাপতিৰ নতুন নাম । ইতিমধ্যে শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্বই ৰাজ্যিক বিজেপিৰ সভাপতি নিযুক্তিৰ বাবে কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটক অসমৰ পর্যবেক্ষক হিচাপে নিযুক্তি দিছে । অৱশ্যে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ পূৰ্বৰে পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি কোন হ’ব তাক লৈ ব্যাপক চৰ্চা চলি আছিল ।
বৰ্তমান সময়ত সভাপতি পদৰ বাবে ভৱেশ কলিতাৰ লগতে সাংসদ দিলীপ শইকীয়া, সাংসদ ৰামেশ্বৰ তেলী আৰু প্রাক্তন সাংসদ পল্লৱ লোচন দাসৰ নাম বিশেষভাৱে চৰ্চাত আছে । সভাপতিৰ পদক লৈ শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্বৰ এতিয়াও অংক মিলা নাই ।আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰো গুৰু দায়িত্ব থাকিব । যাৰ বাবে সকলো দিশ চালিজাৰি চাই দলটোৱে এজন সকলোৰে গ্ৰহণযোগ্য লোকক সভাপতিৰ পদত বহুওৱাৰ সিদ্ধান্ত লৈছে শাসকীয় দলটোৱ