নিউজ ডেস্ক:১০জানুৱাৰী ২০২৫– বিগত কিছুদিন ধৰি দিল্লীৰ কেবাখনো বিদ্যালয়লৈ আহিছিল বোমাৰ ভাবুকি। বাৰে বাৰে ই-মেইল যোগে প্ৰেৰণ কৰিছিল বোমাৰ ভাবুকি । প্ৰথমেই বহুদিন ধৰি আৰক্ষীৰ সন্দেহৰ আবৰ্তত আছিল সন্ত্ৰাসবাদী দল । কিন্তু এতিয়া অভিযোগ অনুসৰি আৰক্ষীয়ে আটক কৰিছে এজন দ্বাদশ শ্ৰেণীৰ স্কুলীয়া ছাত্ৰক । আৰক্ষীৰ সোধ-পোচত বহু তথ্য পোহৰলৈ অহাৰ পৰিলক্ষিত হৈছে ছাত্ৰ জনৰ বিৰুদ্ধে।

আৰক্ষী সূত্ৰই জনোৱা মতে, ছাত্ৰজনক জেৰা চলোৱাৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা গৈছে । ছাত্ৰজনে প্ৰকাশ কৰিছে যে তেওঁ আৰু তেওঁৰ বন্ধুসকলে আন বিদ্যালয়সমূহলৈও একেধৰণৰ ভাবুকি প্ৰেৰণ কৰি আহিছিল। অৱশ্যে এই প্ৰমাণসমূহ পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে ফৰেনছিক বিশেষজ্ঞৰ সহায় লৈছে, যাতে আইনী ব্যৱস্থা গ্ৰহণৰ পূৰ্বে পৰীক্ষণ কৰিব পৰা যায় । কাৰিকৰী চোৰাংচোৱাগিৰিৰ জৰিয়তে আৰক্ষীয়ে ছাত্ৰজনৰ স্থিতি অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰে ।

তদন্তত এই কথাও পোহৰলৈ আহিছে যে অভিযুক্ত ছাত্ৰজন আৰু তেওঁৰ বন্ধুসকল কাৰিকৰীভাৱে দক্ষ আৰু ভিপিএন ব্যৱহাৰ কৰি ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল । আনহাতে আন ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সম্পৰ্কেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, বোমাৰ ভাবুকিৰ খবৰ দিয়া বিদ্যালয়সমূহৰ ভিতৰত আছে টেগৰ ইণ্টাৰনেশ্যনেল স্কুল, ব্লুবেলছ স্কুল ইণ্টাৰনেশ্যনেল, মাদাৰ্ছ ইণ্টাৰনেশ্যনেল স্কুল, মডাৰ্ণ স্কুল, স্প্ৰিংডেলছ স্কুল, জি ডি গোয়েংকা পাব্লিক স্কুল, ছেইণ্ট কলম্বাছ স্কুল আৰু দিল্লী পাব্লিক স্কুল ৷