চাকমা আৰু হাজাংসকলক অসমত সংস্থাপন কৰাক লৈ সংবাদমেল অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্থিতি স্পষ্ট কৰিবলৈ পত্ৰ প্ৰেৰণৰ কথা ৰাজহুৱা কৰে শিৱসাগৰৰ বিধায়কজনে।
কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে চাকমা আৰু হাজাং সকলক অৰুণাচল প্ৰদেশত নাগৰিকত্ব প্ৰদান নকৰি অসমত সংস্থাপিত কৰিব বিচৰা বুলি ৰাজহুৱা কৰাৰ লগতে হাজং আৰু চাকমা সকলক অসমত সংস্থাপিত কৰিবৰ বাবে অৰুণাচল চৰকাৰে অসম চৰকাৰৰ সৈতে কথা পাতিছে বুলিও জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে।
অখিল গগৈয়ে কয় যে, ৫ লাখ শৰণাৰ্থীক অসমত সংস্থাপিত কৰিব খোজাক লৈ বৰ্তমান অসমৰ ৰাইজ শংকিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰে বিধায়ক গগৈয়ে..
প্ৰথম প্ৰশ্ন হ’ল ৰিজিজুৱে অসমৰ মুখ্যমন্ত্ৰীক ৫ লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কোৱা কথাখিনি সঁচা নে?
দ্বিতীয় প্ৰশ্ন হ’ল শৰণাৰ্থীসকলক অসমতে সংস্থাপিত কৰিবৰ বাবে অমিত শ্বাহে নিৰ্দেশ দিছে নেকি অসমৰ মুখ্যমন্ত্ৰীক?
তৃতীয়তে কেন্দ্ৰ চৰকাৰে ৫ লাখ হাজং আৰু চাকমা সকলক অসমত সংস্থাপিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত অসম চৰকাৰৰ স্থিতি কি?
ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে অসম বিদেশীৰ ডাষ্টবিন নেকি? যে যতেই শৰণাৰ্থী থাকিব অসমত সংস্থাপিত কৰিব।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত কয় যে হৈ যোৱা উজনি অসমৰ ৫ সমষ্টিৰ নিৰ্বাচনত বিজেপি আটাইকেইটা সমষ্টিতে হাৰিলেও আচৰিত হব লগা একো নাই।