ৰাজ্যৰ ৫টা সমষ্টিত আজি পুৱা ৭-০০বজাৰ পৰা বিয়লি ৫-০০ বজালৈকে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব চলি আছে। নগাঁও, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰি আৰু ডিফুত অনুষ্ঠিত ভোটাৰৰ বিপুল সহাঁৰিত ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে।
আনহাতে অসমকে ধৰি দেশৰ ১৩খন ৰাজ্যৰ মুঠ ৮৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। এই ১৩খন ৰাজ্য হ’ল অসম, বিহাৰ, ছত্তিশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিমবংগ।
উল্লেখ কৰা প্ৰয়োজন যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ মুঠ ১২০৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ভিতৰত অসমৰ আছে ৬১গৰাকী প্ৰাৰ্থী।