- টংলাত দুই শিশুক ডিঙি কাটি হত্যা । দুই শিশুৰ হত্যাকাৰী কোন? হত্যাকাৰী কোন এই বিষয়টো সম্পৰ্কত প্ৰতিবেদনৰ শেষৰফালে চৰ্চা কৰিম। তাৰ পূৰ্বে জনাবলৈ লৈছো এই চাঞ্চল্যকৰ ঘটনাটোৰ বিষয়ে। টংলাৰ সস্তপাৰাত ২ শিশুৰ মৃতদেহ উদ্ধাৰ। পুৱাৰ ভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ ২ শিশু ভাতৃৰ মৃতদেহ। সেইফালেৰে যোৱা কোনো লোকে ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্কুল ইউনিফৰ্মত থকা শিশু দুটিৰ মৃতদেহ।
- ২ ভাতৃ গৌৰৱ শৰ্মা, কৌশিক শৰ্মাৰ মৃতদেহ উদ্ধাৰটংলাৰ যোৰপুখুৰীৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ পুত্ৰ গৌৰৱ শৰ্মা আছিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু কৌশিক শৰ্মা আছিল পঞ্চম শ্ৰেণীৰ ছাত্ৰ। দুয়ো আছিল টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ।
- পৰীক্ষা চলি আছিল দুয়োৰে। শুকুৰবাৰে বিদ্যালয়লৈ বুলি পুৱাই ওলাই গৈছিল দুই সহোদৰ। হঠাতে শিশু দুটিৰ মাতৃলৈ ফোনকল আহিল প্ৰধান শিক্ষকৰ। পৰীক্ষাৰ দিনত ল’ৰা দুটা কিয় বিদ্যালয়লৈ অহা নাই। লগে লগে মাতৃৰ হাহাকাৰ। কেওদিশে সন্ধান কৰিলে ২ পুত্ৰৰ। কোনো সন্ধান নাই ২ সন্তানৰ। কান্দি কাটি মাতৃ লেবেজান। ২৪ ঘণ্টাৰ পিছত অৰ্থাত্ আজি পুৱা আহিল এনে এটা খবৰ যি খবৰত সৰগ ভাগি পৰিল মাতৃৰ মূৰত, ভৰিৰ মাটি যেন নোহোৱা হ’ল নিমিষতে। ২ সন্তানৰ মৃতদেহ উদ্ধাৰ হৈছে, ডিঙি কটা অৱস্থাত উদ্ধাৰ ২ সন্তানৰ ৰক্তাক্ত মৃতদেহ। চৌদিশে লাগিল হুৱাদুৱা। সৃষ্টি হ’ল অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ। মৃতদেহ উদ্ধাৰ হোৱা ঢাপলি মেলিলে সকলোৱে।
- ইয়াৰ পাছত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ। ৰাজপথ স্তব্ধ কৰি দিলে প্ৰতিবাদী দল-সংগঠন আৰু স্থানীয় লোকে। কাইলৈ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে উলিয়াব প্ৰতিবাদী কাৰ্যসূচী। মুঠতে এটাই দাবী ২ কণমানিৰ হত্যাকাৰীক চিনাক্ত কৰি কঠোৰতম শাস্তি বিহিব লাগে। ইয়াৰ মাজতে পিতৃ মহেন্দ্ৰ শৰ্মাক আটক টংলা আৰক্ষীৰ, পিতৃ মহেন্দ্ৰ শৰ্মাৰ প্ৰথমা পত্নীৰ পুত্ৰকো আটক।
- দৰাচলতে বাহন চালক হিচাপে জীৱিকা নিৰ্বাহ কৰা মহেন্দ্ৰ শৰ্মাৰ ২ গৰাকী পত্নী। প্ৰথমা পত্নী হেনো পঞ্জাৱত থাকে । প্ৰথমা পত্নীৰে আছে এটা পুত্ৰ সন্তান। স্নাতক মহলাৰ তৃতীয় ষাণ্নাসিকৰ ছাত্ৰ ডাঙৰ পুত্ৰ। এই ডাঙৰ পুত্ৰই টংলাতে হেনো ভাড়াঘৰত থাকে। দ্বিতীয়া পত্নী গীতা শৰ্মা। গীতা শৰ্মাৰে মহেন্দ্ৰ শৰ্মাৰ আছিল ২ কণমানি পুত্ৰ গৌৰৱ আৰু কৌশিক। এই দুই কণমানিকে কোনোবাই হেনো হত্যা কৰিলে। এতিয়া সবাতোকৈ ডাঙৰ প্ৰশ্ন হত্যাকাৰী কোন ?
- কেনেবাকৈ কোনোৱে ধনদাবী কৰিছে নেকি। মুক্তিপণ দিব নোৱাৰা বাবেই হত্যা কৰা হ’ল নেকি ? তেনে সম্বাৱনা ওচৰ-চুবুৰীয়াই পোনচাতেই নসাত্ কৰিছে। কাৰণ, বাহন চালক মহেন্দ্ৰ শৰ্মাৰ আৰ্থিক স্থিতি বৰ ভাল নহয় বুলি ওচৰ-চুবুৰীয়াই জানে। তেনেহ’লে ওচৰ-চুবুৰীয়া বা গাঁৱৰ কোনো লোকৰ লগত কিবা শত্ৰুতাৰ পৰিণাম হ’ব পাৰে নেকি ? তেনে সম্ভাৱনাও বহুতেই নসাত্ কৰে। কাৰণ এনেদৰে ভবাৰ থল এই পৰ্যন্ত বিচাৰি পোৱা নাই। তেনেহ’লে পাৰিবাৰিক শত্ৰুতাৰ পৰিণাম নেকি ? প্ৰথমা পত্নীৰ ফালৰ কিবা কাণ্ড-কলাপ নেকি ? এই সম্পৰ্কেও এই পৰ্যন্ত নিশ্চিত ৰূপত ক’ব পৰা হোৱা নাই। বিভিন্ন পৰ্যায়ৰ আৰক্ষীৰ বিষয়টো সন্দৰ্ভত তদন্ত চলি আছে। তদন্তইহে পোহৰলৈ আনিব ঘটনাৰ আঁৰৰ ৰহস্য।