নিউজ ডেস্ক, ০২.০১.২০২৫ – প্ৰতিদিনেই পায়েলৰ ভাড়ঘৰৰ কোঠালিত চলিছিল সুৰাৰ পাৰ্টি। জানিব পৰা মতে, পায়েলৰ সৈতে দুই বন্ধু মনোজ আৰু মানৱ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল । সমগ্ৰ ঘটনাৰ পূৰ্বে ফ্লেটৰ কৰিড’ত মানৱৰে পায়েলৰ হৈছিল সংঘাট । ৩১ ডিচেম্বৰত এই সংঘাটৰ মাজতে কান্দিব লগা হৈছিল পায়েল শইকীয়াই। সংঘাটৰ মাজতে পুনৰ মানৱৰ প্ৰৱেশ ঘটিছিল পায়েলৰ কোঠাত। উল্লেখ্য, ৩১ ডিচেম্বৰৰ পূৱা পায়েলৰ বন্ধ হোৱা ফ্লেটৰ দৰ্জা নিশা খুলিছিল মনোজ-মানৱে। কিন্তু ফ্লেটৰ দৰ্জা ভাঙি পায়েলৰ কোঠাত সোমাবলগীয়া হৈছিল মনোজ আৰু মানৱে।

বিগত ৩মাহ ধৰি পায়েলৰ লগত এক নিবিড় সম্পৰ্কত আছিল মানৱ নামৰ যুৱকজন। উল্লেখযোগ্য যে, ৰাজ নামৰ এজন যুৱকক স্বামী বুলি ভাড়াঘৰৰ মালিকক পৰিচয় দি ফ্লেট’ত থাকিবলৈ লৈছিল পায়েল। প্ৰায় এবছৰ পূৰ্বে এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ H-4 নম্বৰৰ ফ্লেটটো ভাড়ালৈ লৈছিল পায়েলে। কিন্তু ঘটনাৰ তিনি মাহ পূৰ্বে ৰাজৰ সৈতে সম্পৰ্ক বিচ্ছেদ হৈছিল পায়েলৰ। পৰৰ্ৱতী সময়ত পায়েলৰ জীৱনত প্ৰৱেশ হৈছিল মানৱ নামৰ যুৱকজনৰ। লাহে- লাহে পায়েল আৰু মানৱৰ মাজৰ সম্পৰ্কৰ ঘনিষ্ঠতা বাঢ়িছিল। ঘটনাৰ দিনাও মানৱ-পায়েলৰ কাজিয়াৰ পূৰ্বে চিগাৰেট অনাইছিল এপাৰ্টমেন্টৰ চিকিউৰিটিৰ জৰিয়তে। তেতিয়া সময় আছিল নিশা ৭.৩০ বজা। ইয়াৰ পিছতে পোহৰলৈ আহিল পায়েলৰ মৃত্যুৰ খবৰ। লগে লগেই আৰম্ভ হ’ল বাতৰি, আৰক্ষীয়েও চলালে তদন্ত।

কিন্তু, বৰ্তমানেও পোহৰলৈ অহা নাই পায়েল শইকীয়াৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। ইমানৰ মাজতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। পায়েলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পূৰ্বে ৰুমত চলিছিল সুৰাৰ পাৰ্টী। ৰাজগড়ৰ দয়া সাগৰ ৰেঙণি এপাৰ্টমেণ্টৰ CCTVত বন্দী হৈছে পায়েলসহ বন্ধুৰ গতিবিধি। ৩১ ডিচেম্বৰ নিশা সকলো আনন্দত মতলীয়া হৈ থকাৰ সময়তে নিশা ১ বজাত চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছিল পায়েলৰ মৃতদেহ। পায়েলৰ মৃত্যুক লৈ চানমাৰী আৰক্ষীয়ে এতিয়া তদন্তৰ অব্যাহত ৰাখিছে।
